Lieutenant general ashok singhal biography
Born in Agra in , he joined the RSS as a teenager in He had an engineering degree in metallurgy from Banaras Hindu University....
অশোক সিংহল
অশোক সিংঘল (ইংৰাজী: Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ২০১৬ চনত প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়।[1][2][3][4][5] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬৮ চনৰ ২৯ ডিচেম্বৰ তাৰিখে অসমৰ গুৱাহাটীত অশোক সিংহলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পৰমানন্দ সিংঘলৰ আৰু মাতৃ ইন্দুমতী সিংঘল। তেওঁ অসমৰ গুৱাহাটীৰ কুমাৰপাৰাৰ বাসিন্দা। ১৯৯২ চনত শিল্পী আনন্দ সিংঘলৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈ। তেওঁলোকৰ দুজন পুত্ৰ লোকেশ আনন্দ সিংঘল আৰু বিবেক আনন্দ সিংঘল।
১৯৯০ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্লমাও লাভ কৰিছে।